আজি ৫ ডিচেম্বৰ

▶️১৭৯১ চনৰ আজিৰ দিনটোতেই বিশ্ব বিখ্যাত সংগীত শিল্পী উলফগেং আমাডিউছ মোজাৰ্টৰ মৃত্যু হৈছিল।
▶️১৮৭০ চনৰ এই দিনটোতেই ফৰাচী ঔপন্যাসিক আৰু নাট্যকাৰ আলেকজেণ্ডাৰ ডুমাৰ মৃত্যু হৈছিল।
▶️১৯০১ চনৰ আজিৰ দিনটোতেই কাৰ্টুন ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা ৱাল্ট ডিজনীৰ জন্ম হৈছিল।
▶️১৯০৫ চনৰ এই দিনটোতেই কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বেখ মহম্মদ আব্দুল্লাৰ জন্ম হৈছিল। ৰাজনৈতিক কাৰনত তেওঁ সুদীৰ্ঘ দিন কাৰাবাস খাটিব লগা হৈছিল।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা দাৰ্শনিক অৰবিন্দ ঘোষ ওৰফে শ্ৰীঅৰবিন্দৰ পণ্ডিচেৰীত মৃত্যু হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই ৬০ গৰাকী নতুন মন্ত্ৰীৰ শপতগ্ৰহণেৰে ৭১ গৰাকী মন্ত্ৰীৰে বিহাৰ মন্ত্ৰীসভা দেশৰ বৃহত্তম মন্ত্ৰীসভা ৰূপে পৰিগণিত হৈছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ সংসদৰ পৰা পদত্যাগ।
▶️১৯৯৯ চনৰ এই দিনটোতেই ভাৰতীয় সুন্দৰী যুক্তা মুখীৰ ‘মিছ ৱৰ্ল্ড’ খিতাপ অৰ্জন।
▶️২০০০ চনৰ আজিৰ দিনটোতেই অভিনেত্ৰী চেতনা দাসলৈ আম্বেদকাৰ বঁটা।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই দেশীয়ভাবে নিৰ্মিত প্ৰথমটো ক্ৰায়জনিক ইঞ্জিনৰ সফল পৰীক্ষণ।।

 

You might also like
Leave A Reply

Your email address will not be published.