আজি ৬ ডিচেম্বৰ

▶️১৭৩২ চনৰ এই দিনটোতেই ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ ইংলেণ্ডৰ অক্সফোৰ্ডশ্বায়াৰত জন্ম হৈছিল।
▶️১৮২৩ চনৰ আজিৰ দিনটোতেই জাৰ্মান ভাষাতত্ববিদ আৰু প্ৰাচ্যতত্ববিদ মেক্স মুলাৰৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ এই দিনটোতেই ফিনলেণ্ডৰ স্বাধীনতা লাভ।
▶️১৯৫৬ চনৰ এই দিনটোতেই ভাৰতীয় ৰাজনীতিবিদ তথা ভাৰতৰ সংবিধান প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু হৈছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই হিন্দু মৌলবাদীৰ দ্বাৰা অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস। দেশজুৰি ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ।প্ৰায় ১,১৫০ গৰাকী লোকৰ মৃত্যু।৫ সহস্ৰাধিক লোক আহত হোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন।
▶️১৯৮৯ চনৰ এই দিনটোতেই ‘অষ্টিন-১৯৮৯’ নামৰ ধূমকেতুটোৰ আৱিষ্কাৰ।
▶️১৯৭১ চনৰ আজিৰ দিনটোতেই নৱগঠিত বাংলাদেশক ভাৰতৰ স্বীকৃতি।
▶️১৯১১ চনৰ এই দিনটোতেই মংগোলিয়া ৰুছ নিৰাপত্তা অঞ্চলত পৰিনত হৈছিল।
▶️১৯২৯ চনৰ এই দিনটোতেই তুৰস্কত প্ৰথমবাৰৰ বাবে মহিলাৰ ভোটাধিকাৰ লাভ।
▶️১৯৯০ চনৰ এই দিনটোতেই অযোধ্যাত বিশ্ব হিন্দু পৰিষদৰ কৰসেৱা শান্তিপূৰ্ণভাৱে সম্পন্ন হৈছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই উত্তৰ প্ৰদেশত কল্যাণ সিং নেতৃত্বাধীন বিজেপি চৰকাৰ ভংগ।ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি।।

You might also like
Leave A Reply

Your email address will not be published.