আজি ৪ ডিচেম্বৰ

➡️ আজি নৌ সেনা দিৱস।
➡️ ১১১২ চনৰ ৪ ডিচেম্বৰ তাৰিখে পাৰস্যৰ (ইৰান) কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ ওমৰ খৈয়ামৰ মৃত্যু হৈছিল।
➡️ ১৭৯৫ চনৰ আজিৰ দিনটোতে ইংৰাজ চিন্তাবিদ আৰু সাহিত্যিক টমাছ কাৰ্লাইলৰ জন্ম হৈছিল। ফৰাচী বিপ্লৱৰ বিষয়ে তিনি খণ্ডত বিভক্ত ইতিহাস গ্ৰন্থ ‘ফ্ৰেন্স ৰিভলিউচন’ৰ (১৮৩৭) ৰচয়িতা ৰূপে কাৰ্লাইল বিখ্যাত।
➡️ ১৮২৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে লৰ্ড বেন্টিংকৰ উদ্যোগত ভাৰতত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল।
➡️ ১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি ৰামস্বামী ভেংকটৰমণৰ জন্ম হৈছিল।
➡️ ১৯২১ চনৰ আজিৰ দিনটোতে কবি, সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল।
➡️ ১৯৬৭ চনৰ ৪ ডিচেম্বৰ তাৰিখে প্ৰথম ভাৰতীয় ৰকেট ‘ৰোহিণী’ৰ উৎক্ষেপণ কৰা হৈছিল।
➡️ ১৯৯৬ চনৰ ৪ ডিচেম্বৰ তাৰিখে মঙ্গল গ্ৰহ অভিমুখে মাৰ্কিন মহাকাশযান ‘পাথ ফাউণ্ডাৰ’ৰ উৎক্ষেপণ কৰা হৈছিল।
➡️ ১৯৪৫ চনৰ আজিৰ দিনটোতে মাৰ্কিন জীৱ-বিজ্ঞানী টমাছ হান্ট মৰ্গানৰ মৃত্যু হৈছিল।
➡️ ১৯৮১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীৰ কুটুবমিনাৰত পদপিষ্ট হৈ ৪৫ জন লোকৰ মৃত্যু হৈছিল।।

-সংগৃহীত-

You might also like
Leave A Reply

Your email address will not be published.