আফ্ৰিকাত পুনৰ নৰসংহাৰ!

আবেই গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাযজ্ঞ

ইণ্টাৰনেচনেল ডেস্ক:

ফ্ৰিকাত পুনৰ নৰসংহাৰ।চুডান আৰু দক্ষিণ চুডান দুয়োখন দেশে দাবী কৰা বিবাদিত তেল সমৃদ্ধ আবেই গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাযজ্ঞ। বন্দুকধাৰী এটা দলে ধাৰাসাৰ গুলীচালনা কৰি হত্যা কৰে গাঁৱখনৰ ৫২ জন লোকক। নিহত সকলৰ মাজত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সদস্যও আছে বুলি জানিব পৰা গৈছে। আনহাতে আক্ৰমণত আহত হয় ৬৪ জন লোক। বৰ্তমানলৈ আক্ৰমণৰ উদ্দেশ্য স্পষ্ট হোৱা নাই যদিও ভূমি বিবাদৰ বাবে ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে বুলি আবেইৰ তথ্য মন্ত্ৰী বুলিছ কোচে সদৰি কৰে। আক্ৰমণকাৰীসকল নুৱেৰ জনগোষ্ঠীৰ অস্ত্ৰধাৰী যুৱক আছিল বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, আফ্ৰিকাৰ এই অঞ্চলত মাৰাত্মক জাতিগত হিংসা সাধাৰণ ঘটনা হৈ পৰিছে। চুবুৰীয়া ৱাৰাপ প্ৰদেশৰ টুইক ডিংকা জনজাতীয় সদস্যসকলে সীমান্তত অৱস্থিত আনিত অঞ্চলক লৈ আবেইৰ ন’গক ডিংকাৰ সৈতে দীৰ্ঘ দিন ধৰি ভূমি বিবাদত লিপ্ত হৈ আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.