আজিৰে পৰা আৰম্ভ হ’ব IPLৰ মহাৰণ। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত উদ্বোধনী মেচখনত সমুখ সমৰত নামিব চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। উদ্বোধনী মেচখনৰ বাবে চেপকত চলিছে পূৰ্ণগতিত প্ৰস্তুতি। IPLৰ ১৭ সংখ্যক সংস্কৰণৰ উদ্বোধনী মেচখনত বহু নামী দামী ক্ৰিকেটাৰৰ উপৰি উপস্থিত থাকিব বলীউডৰ বহু তাৰকা।
৫২ দিনৰ বাবে ১২ টাকৈ স্থানত ২২ মাৰ্চৰ পৰা ২৬ মে লৈ অনুষ্ঠিত হ’ব খেলসমূহ। এইবেলি IPLত খেলিবলগীয়া ১০ টা দল হল- চেন্নাই ছুপাৰ কিংছ, দেলহি কেপিটেলছ, গুজৰাট টাইটানছ, কলকাতা নাইট ৰাইডাৰ্চ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছ, পাঞ্জাৱ কিংছ, ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদ।
টী-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ পূৰ্বে হ’বলগীয়া এইবাৰৰ আই পি এলৰ সংস্কৰণে বিশেষ গুৰুত্ব বহন কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ ক্ৰিকেট স্টেডিয়ামতো অহা মে’ মাহত ২খন আই পি এলৰ মেচ অনুষ্ঠিত হ’ব। ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে এই বিষয়ে প্রকাশ কৰিছে।
লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি চি চি আয়ে প্রতিযোগিতাৰ প্ৰাৰম্ভিক সূচীহে ঘোষণা কৰিছে। অহা সপ্তাহত লীগৰ পৰৱৰ্তী কাৰ্যসূচী প্রকাশ কৰা হ’ব। ইফালে, ব’ৰ্ডৰ সচিব জয় শ্বাহে এইবাৰ আই পি এলৰ সকলো খেল ভাৰততে হ’ব বুলি প্রকাশ কৰিছে। উল্লেখযোগ্য যে পূর্বে অহা ৫ আৰু ১৬ মে’ত বর্ষাপাৰাত দুখন খেল হোৱাৰ কথা আছিল যদিও নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মে’ৰ তৃতীয় বা চতুর্থ সপ্তাহত খেল দুখন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছে এইবাৰ আই পি এলত ২৪ মার্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like