ইণ্ডোনেছিয়াত ভূমিকম্পৰ জোকাৰণি

প্ৰচণ্ড ভূমিকম্পই আজি জোকাৰি গ’ল ইণ্ডোনেছিয়াক। জানিব পৰা মতে, ভূমিকম্পৰ উৎপত্তিস্থল ইণ্ডোনেছিয়াৰ মাউমেৰেৰ পৰা ৯৫ কিলোমিটাৰ উত্তৰে । ভূমিকম্প সংঘটিত হয় ৰিখটাৰ স্কেলত ৭.৬ প্ৰাবল্যত ।

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে (ইউএছজিএছ) প্ৰাথমিক ভূমিকম্পৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰি ভূমিকম্পৰ কেন্দ্ৰস্থলৰ ১ হাজাৰ কিলোমিটাৰৰ ভিতৰত অৱস্থিত উপকূলীয় অঞ্চলৰ বাবে বিপদজনক চুনামি ঢৌৰ সম্ভাৱনা থকা বুলি সাৱধানবাণী জাৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.