উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় বায়ু সেনাৰ দুদিনীয়া অনুশীলন!

নৰ্থ-ইষ্ট ডেস্ক:

উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় বায়ু সেনাৰ দুদিনীয়া অনুশীলন। উত্তৰ-পূৰ্বাঞ্চলত নিয়োজিত ইয়াৰ প্ৰায় সকলো আগশাৰীৰ যুঁজাৰু বিমানসমূহে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। অসম আৰু অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ আকাশ সীমাত অনুষ্ঠিত হ’ব লগা এই অনুশীলন ভাৰত আৰু চীনা সৈন্যবাহিনীৰ মাজৰ মুখামুখি সংঘৰ্ষৰ বহু আগতে পৰিকল্পনা কৰা হৈছিল বুলি বায়ু সেনাৰ সূত্ৰে প্ৰকাশ। উল্লেখ্য যে, বায়ু সেনাই এই অনুশীলনৰ বাবে ৮ ডিচেম্বৰত নোটাম জাৰী কৰিছিল।

মেঘালয়ৰ চিলঙত অৱস্থিত ভাৰতীয় বায়ু সেনা আৰু ইষ্টাৰ্ণ কমাণ্ডে এই অনুশীলন সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই যদিও ইষ্টাৰ্ণ কমাণ্ডৰ সকলো এয়াৰবেচে এই অনুশীলনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.