এইবেলিৰ বিশ্ব পৰিৱেশ দিৱসৰ থীম কি,জানো আহক!

নিউজ ডেস্ক:

জি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস । প্রতি বছৰে এই দিনটোতেই সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । অসমতো আজি প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস । ১৯৭৩ চনৰ পৰা ৰাষ্ট্ৰ সংঘৰ আহবান মৰ্মে ৫ জুনৰ দিনটো প্ৰতি বছৰে উদযাপিত হৈ আহিছে বিশ্ব পৰিৱেশ দিৱস ৰূপে । বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্ৰকৃতি ভাৰসাম্যহীন হৈ পৰিছে। দুষ্কৃতিকাৰীয়ে প্ৰতিদিনে ধ্বংস কৰি গৈছে প্ৰকৃতি।পাহাৰ খননৰ পৰা আৰম্ভ কৰি গছ-গছনি কাটি ধ্বংস কৰাৰ বাবেই ক্ৰমাৎ বৃদ্ধি পাইছে উষ্ণতা । সেউজীয়া প্ৰকৃতি আৰু পৰিৱেশ ৰক্ষাৰ লক্ষৰে গছ পুলি ৰোপণ কৰি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস । সমান্তৰালকৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ঠায়ে-ঠায়ে উলিওৱা হয় সজাগতামূলক শোভাযাত্ৰাও। চলিত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য হৈছে প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ প্ৰতিৰোধ । দৈনন্দিন জীৱনত ব্যৱহৃত প্লাষ্টিকে জীৱ জগত তথা পৰিৱেশলৈ কঢ়িয়াই অনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি চলিত বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই থীম।।

You might also like
Leave A Reply

Your email address will not be published.