শ্ৰীৰঘুপতিৰ পৰা আতৰিল সকলো নিষেধাজ্ঞা!

আজিৰে পৰা ৰাজ্যৰ ছবিগৃহত চলিব ৰবি শৰ্মাৰ শ্ৰীৰঘুপতি

নিউজ ডেস্ক:
জি ছবিগৃহত মুকলি হ’ব ৰবি শৰ্মা অভিনীত শ্ৰীৰঘুপতি। ছবিখনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ উচ্চ ন্যায়ালয়ৰ। ২ জুনত মুক্তি পাবলগীয়া শ্ৰীৰঘুপতি চিনেমাখনৰ ১ জুন তাৰিখে মুক্তিত বাধা প্ৰদান কৰিছিল কামৰূপ নিম্ন আদালতে। ধৃতিমান শৰ্মা নামৰ এজন যুৱকৰ আৱেদনৰ ভিত্তিত ছবিখনৰ মুক্তিত বাধা প্ৰদান কৰিছিল ন্যায়ালয়ে। ধৃতিমান শৰ্মাই পূৰ্বৰ প্ৰযোজকৰ সৈতে চুক্তি উলংঘাৰ অভিযোগ তুলি কাষ চাপিছিল ন্যায়ালয়ৰ। নিম্ন আদালতৰ ৰায়ৰ পাছতে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু চৰ্চিত অসমীয়া চিনেমা ‘শ্ৰী ৰঘুপতি’ক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা।

ব্যয়বহুল অসমীয়া চিনেমা ৰঘুপতি প্ৰথমাৱস্থাত ‘ল’কাছ ক্ৰিয়েটিভ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰাৰ কথা আছিল। ‘ল’কাছ ক্ৰিয়েটিভ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণৰ বাবে অগ্ৰীম ধনো প্ৰদান কৰা হৈছিল যদিও বিশেষ কাৰণত পৰৱৰ্তী সময়ত এই চিনেমাখন ময়ূৰাক্ষী শৰ্মাৰ প্ৰযোজনাত ‘মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত নিৰ্মাণ কৰি মুক্তিৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হয়।

কিন্তু মুক্তিৰ কেইটামান ঘণ্টাৰ পূৰ্বে প্ৰযোজক ধৃতিমান শৰ্মাই পূৰ্বৰ প্ৰযোজকৰ সৈতে চুক্তি উলংঘাৰ অভিযোগ তুলি নিম্ন আদালতত আৱেদন জনোৱাত ন্যায়ালয়ে ১ জুন বৃহস্পতিবাৰে চিনেমাখনৰ প্ৰদৰ্শনিত বাধা প্ৰদান কৰাত নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে ৫ জুন তাৰিখে শ্ৰীৰঘুপতিৰ প্ৰযোজক শৈলেন শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে আবেদন। শ্ৰীৰঘুপতিৰ প্ৰযোজকৰ আবেদনৰ ভিত্তিত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আদালতে ছবিখনৰ ওপৰত আৰোপ কৰা সকলো নিষাধাজ্ঞা প্ৰত্যাহাৰ কৰি ছবিখন মুক্তি দিবলৈ নিৰ্দেশ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.