‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গুফি পেইণ্টলৰ দেহৱসান।

এণ্টাৰটেইনমেণ্ট ডেস্ক:

হাভাৰতত বিখ্যাত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা গুফি পেইণ্টলৰ দেহৱসান। ৭৮ বছৰ বয়সত মৃত্যু হয় যশস্বী অভিনেতাগৰাকীৰ। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰটো সদৰি কৰে তেওঁৰ পুত্ৰ হেৰী পেইণ্টলে। জানিব পৰা মতে, স্বাস্থ্যজনিত সমস্যাত ভুগি থকা অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

১৯৮৮ চনত বি আৰ চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত মহাভাৰতত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি সুকীয়া পৰিচয় গঢ়িছিল গুফী পেইণ্টলে। ১৯৮৮ চনৰ ২ অক্টোবৰৰ পৰা ১৯৯০ চনৰ ২৪ জুনলৈকে দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল এই সৰ্বকালৰ জনপ্ৰিয় টেলিভিছন ধাৰাবাহিকখন। ইয়াৰ উপৰিও তেওঁ ‘ৰাফু চক্কৰ’, ‘ডেছ পৰদেশ’, ‘ডিল্লাগী’, ‘ময়দান-ই-জং’, ‘দাভা’ আদি বহুকেইখন বলীউডৰ জনপ্ৰিয় চিনেমাতো অভিনয় কৰিছিল। যশস্বী অভিনেতা গৰাকীৰ মৃত্যুত শোকস্তদ্ধ দেশৰ সাংস্কৃতিক মহল।।

You might also like
Leave A Reply

Your email address will not be published.