অলিম্পিয়ান মল্লযুঁজাৰুৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ।

নেচনেল ডেস্ক:

লিম্পিয়ান মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফ’গাটৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ । ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ মুৰব্বীৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বাসগৃহত বৈঠকত বহিল অলিম্পিয়ান মল্লযুঁজাৰু কেইগৰাকী ।আলোচনাকালত মল্লযুঁজাৰু কেইগৰাকীয়ে গৃহমন্ত্ৰীৰ আগত নিজৰ ক্ষোভ ব্যক্ত কৰে । এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই যদিও বৈঠকত তেওঁলোকৰ সকলো কথা গুৰুত্ব সহকাৰে গৃহমন্ত্ৰীয়ে শুনিছিল বুলি মল্লযুঁজাৰুসকলৰ ঘনিষ্ঠ সূত্ৰই জনিবলৈ দিয়ে ৷

উল্লেখ্য যে, এপ্ৰিল মাহৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত ডব্লিউ এফ আইৰ সভাপতি,সাংসদ ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে একাধিক মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মল্লযুঁজাৰুসকলে । প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীয়ে অপদস্থ কৰি আটক কৰাৰ লগতে প্ৰতিবাদস্থলীও ভাঙি লণ্ডভণ্ড কৰিছিল। ইফালে, মল্লযুঁজাৰুসকলে ক’ত পুনৰ প্ৰতিবাদ আৰম্ভ কৰিব সেই সন্দৰ্ভত অতি সোনকালে সিদ্ধান্ত ল’ব বুলিও সূত্ৰটোৱে সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.