আজি ৫ জুন

▶️আজি বিশ্ব পৰিবেশ দিৱস।
▶️আজি ছিচিলিৰ স্বাধীনতা দিৱস।
▶️আজি ছাৰ্বিয়াৰ মুক্তি দিৱস।
▶️১২৬৫ চনৰ আজিৰ দিনটোতেই ইটালীৰ কবি ডান্টেৰ জন্ম হৈছিল।
▶️১৬৫৯ চনৰ এই দিনটোতেই ঔৰংগজেৱৰ আলমগীৰ উপাধি গ্ৰহণ।
▶️১৭৮৩ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সৰ মন্টিগ’লফিৰ ভাতৃদ্বয়ৰ প্ৰথম বেলুনৰ উৰণ।এই বছৰৰে ১৯ ছেপ্টেম্বৰত তেওঁলোকে এটা কুকুৰা, এটা ভেড়া আৰু এটা হাঁহ বেলুনত ভৰাই উৰুৱায় । মাটিত বাস কৰা অধিবাসীৰ ভিতৰত এইকেইটাই আছিল প্ৰথম আকাশযাত্ৰী।
▶️১৮৭৫ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ টেলিফোন আৱিষ্কাৰ।
▶️১৮৯৯ চনৰ এই দিনটোতেই স্পেইনৰ কবি,নাট্যকাৰ ফেডেৰিকো গাৰ্ছিয়া লৰকাৰ জন্ম হৈছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই পঞ্জাৱত উগ্ৰপন্থীৰ কাৰ্যকলাপ দমনৰ অৰ্থে অমৃতসৰৰ স্বৰ্ণ মন্দিৰত সেনাৰ অভিযান। সেনাৰ এই অভিযান ‘অপাৰেচন ব্লু ষ্টাৰ’ নামে জনাজাত।
▶️২০০৩ চনৰ এই দিনটোতেই অসমৰ ৰাজ্যপাল ৰূপে অজয় সিঙৰ শপতগ্ৰহণ। ২০০৮ চনৰ ৩ জুলাইলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.