কথমপি ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী,শাসকীয় বিধায়ক!

নিউজ ডেস্ক:

গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী বিমানত যান্ত্ৰিক বিজুতি। বিমানতে আবদ্ধ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীসহ বিধায়ক তেৰছ গোৱালা আৰু প্ৰশান্ত ফুকন। IndiGo 6E 2652 বিমানত সংঘটিত হৈছে এই যান্ত্ৰিক বিজুতি। বিজুতিৰ বাবে পুনৰ বৰঝাৰতে জৰুৰী অৱতৰণ কৰে বিমানখনে। পুৱা ৮.৪০ বজাত ডিব্ৰুগড় অভিমুখে উৰা মাৰিছিল বিমানখন। ১০-১২ মিনিট উৰণৰ পাছতে পুনৰ ঘূৰি আহিল বৰঝাৰলৈ। সম্প্ৰতি এই পৰ্যন্ত কাৰিকৰী বিশেষজ্ঞৰ দলে পৰীক্ষা কৰি আছে বিমানখনৰ।

You might also like
Leave A Reply

Your email address will not be published.