মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফল অভিযান।

নৰ্থ-ইষ্ট ডেস্ক:

ণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফল অভিযান। শনিবাৰে আৰক্ষী আৰু CRPFৰ সৈতে অসম ৰাইফলছে চলোৱা এক
যৌথ অভিযানত উদ্ধাৰ হয় বিপুল পৰিমাণৰ অস্ত্ৰ আৰু গোলাবাৰুদ। ড্ৰ’নৰ সহায়েৰে চলোৱা এই অভিযানত উদ্ধাৰ
হয় ৪০টা অস্ত্ৰ-শস্ত্ৰ, মৰ্টাৰৰ লগতে যথেষ্ট পৰিমানৰ গোলাবাৰুদ। উদ্ধাৰ হোৱা বেছিভাগেই স্বয়ংক্ৰিয় অস্ত্ৰ। মণিপুৰৰ পাহাৰ আৰু উপত্যকা অঞ্চলত চলোৱা হয় এই অভিযান। ইফালে এই অভিযানত চলোৱাৰ সময়ত স্থানীয় লোকসকলক হাৰাশাস্তি নকৰাৰ লগতে ব্যক্তিগত সুৰক্ষা আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.