আজি ৪ জুন

▶️আজি আন্তৰ্জাতিক শিশু নিৰ্যাতনবিৰোধী দিৱস।
▶️আজি টোংগাৰ স্বাধীনতা দিৱস।
▶️১০৩৯ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ সম্ৰাট দ্বিতীয় কনৰাডৰ মৃত্যু হৈছিল।
▶️১৯২০ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়া আৰু হাংগেৰীৰ মাজত ‘ট্ৰিয়ানন চুক্তি’ স্বাক্ষৰিত হৈছিল। পৰিনতিত হাংগেৰীৰ মাটিকালি পূৰ্বৰ এক চতুৰ্থাংশহে ৰয়গৈ।
▶️১৯৪২ চনৰ এই দিনটোতেই প্ৰশান্ত মহাসাগৰৰ মিডৱে’ দ্বীপত মিত্ৰশক্তি (ফ্ৰান্স,ইংলেণ্ড আৰু ইংলেণ্ডৰ উপনিৱেশসমূহ) আৰু জাপানৰ মাজত নৌ-যুদ্ধ।এই যুদ্ধত মিত্ৰশক্তিয়ে জয়লাভ কৰে।দ্বিতীয় মহাসমৰৰ ই এক তাৎপৰ্যপূৰ্ণ ঘটনা।কিয়নো, এই যুদ্ধই পাছলৈ মহাসমৰৰ এক নিৰ্ণায়ক ভূমিকা লয়।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই ভাৰত আৰু ৰাছিয়া (ছোভিয়েট)ৰ মাজত পোনপটীয়া টেলিফোন সংযোগ স্থাপন।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ টোংগাৰ স্বাধীনতা লাভ।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই ‘আৱাহন’ৰ সম্পাদক দীননাথ শৰ্মাৰ মৃত্যু ঘটিছিল।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই ইৰানৰ সৰ্বোচ্চ ধৰ্মগুৰু তথা ৰাজনৈতিক নেতা আয়াতুল্লা খোমেইনীৰ মৃত্যু।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ INSAT-2Dৰ চতুৰ্থ প্ৰজন্মৰ সফল উৎক্ষেপণ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ইলেক্ট্ৰনিক ভোটিং মেচিনৰ সহায়ত গোৱাত ভোটগ্ৰহণ। এনেদৰে ভোটগ্ৰহণৰ ব্যৱস্থা ভাৰতত এয়াই প্ৰথম।
▶️২০০১ চনৰ আজিৰ দিনটোতেই নেপালৰ ৰজা দ্বীপেন্দ্ৰৰ ২৯ বছৰ বয়সত মৃত্যু।তেওঁ মাত্ৰ তিনি দিনৰ বাবে নেপালৰ ৰজা হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই ডমিনিকান সুন্দৰী এমেলিয়াৰ ২০০৩ বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই মনমোহন সিং সংসদৰ নতুন নেতা ৰূপে মনোনীত। যশোৱন্ত সিং হৈছিল বিৰোধী পক্ষৰ দলপতি।।

You might also like
Leave A Reply

Your email address will not be published.