গৰমে আগুৱালে বিদ্যালয়ৰ পাঠদানৰ সময়!

উৎকট গৰমে দহিছে ৰাজ্যবাসীক

নিউজ ডেস্ক

উৎকট গৰমে দহিছে ৰাজ্যবাসীক । গৰমৰ প্ৰখৰতাৰ বাবে বিভিন্ন ঠাইত বিদ্যালয় সমূহত বহু ছাত্ৰ-ছাত্ৰী সংজ্ঞাহীন হৈ পৰাও দেখিবলৈ পোৱা গৈছে ।বিগত কেইদিন মান ধৰি কামৰূপ মহানগৰ জিলাতো তাপমাত্ৰা বৃদ্ধি পোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে । এক বিশেষ নিৰ্দেশনাৰ জৰিয়তে ৫ জুন অৰ্থাৎ সোমবাৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ পুৱা ৭:৩০ বজাৰ পৰা বিদ্যালয়সমূহত পাঠদান হ’ব বুলি ঘোষণা কৰিছে জিলা প্ৰশাসনে । উল্লেখযোগ্য যে প্ৰাথমিক বিদ্যালয়সমূহত পুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হৈ দুপৰীয়া ১২ বজাত বিদ্যালয় ছুটী হ’ব । অন্যহাতে মাধ্যমিক বিদ্যালয়সমূহত পুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হৈ দুপৰীয়া ১২:৩০ বজাত ছুটী হ’ব । একেদৰেই উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পূৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলিব পাঠদান ।প্ৰশাসনৰ এই নিৰ্দেশ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ বিদ্যালয়তে প্ৰযোজ্য হ’ব। তাপমাত্ৰা হ্ৰাস নোহোৱালৈকে এই নিৰ্দেশ বাহাল থকাৰ কথা ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।।

You might also like
Leave A Reply

Your email address will not be published.