৩ বছৰৰ পৰিবৰ্তে ৪ বছৰীয়া হ’ল ডিগ্ৰী পাঠ্যক্ৰম

ৰাজ্যত আজিৰে পৰা আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ'ল ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০

নিউজ ডেস্ক

ৰাজ্যত আজিৰে পৰা আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হ’ল ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, ২০২৩-২৪ শিক্ষা বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এইবাৰৰ পৰা নতুন শিক্ষা নীতিৰ আধাৰত আৰম্ভ হ’ব পাঠ্যক্ৰম । সেই অনুসৰি এতিয়াৰে পৰা ডিগ্ৰী পাঠ্যক্ৰম ৩ বছৰৰ পৰিৱৰ্তে ৪ বছৰীয়া হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাৰ্থী এজনে কলেজত ডিগ্ৰীৰ তৃতীয় বছৰত শিক্ষা আধাতে এৰি যাব পাৰিব । পুনৰ তিনি বছৰ পিচত উভতি আহি বাকী এবছৰৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন শিক্ষানীতিৰ আধাৰত Gauhati University Four-Year Undergraduate Programme চমুকৈ GUFYUGP আৰম্ভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.