কফি ৰেষ্টুৰেন্টত ভয়ংকৰ গুলীচলনাৰ ঘটনা

ইণ্টাৰনেচনেল ডেস্ক:

তুৰ্কীৰ ইজমিৰ প্ৰদেশৰ এখন কফি ৰেষ্টুৰেন্টত ভয়ংকৰ গুলীচলনাৰ ঘটনা। ইজমিৰৰ মেণ্ডেৰেছ জিলাৰ এখন কফি ৰেষ্টুৰেণ্টত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনাটো।গুলীচালনাত ৫ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় দুজন লোক ।

জানিব পৰা মতে, কফি ৰেষ্টুৰেন্টলৈ ঋণ সংক্ৰান্তীয় কাৰণত আলোচনা কৰিবলৈ আহিছিল দুটা দল। আলোচনাৰ মাজতে তৰ্কাতৰ্কিৰ সূত্ৰপাত হৈ পৰিস্থিতি বিষম হৈ পৰে। গুলীচালনাৰ ফলত কমেও পাঁচজন লোকৰ মৃত্যুৰ লগতে আন দুজন আহত হয়। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ আতংকৰ। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.