ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৪৬ গৰাকী লোক। আক্ৰান্ত সকলৰ ৭ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৬ গৰাকী কাৰ্বি আংলং জিলাৰ, ৫ গৰাকী শিৱসাগৰ জিলাৰ, ৪ গৰাকী বৰপেটা জিলাৰ আৰু ৩ গৰাকী চৰাইদেও জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.০১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৪,০৪৩ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৫ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৩৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৭,৩৭৯ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.