আজি ২০ ছেপ্টেম্বৰ

➡️১৮৭৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ উল্লেখযোগ্য সংবাদ-পত্ৰ ‘দা হিন্দু’ চেন্নাইৰ পৰা প্ৰথম প্ৰকাশ হৈছিল। প্ৰথম সংখ্যাৰ প্ৰচলন আছিল ৮০ কপি।
➡️১৯৩৪ চনৰ ২০ ছেপ্টেম্বৰত ইটালীৰ মোহময়ী অভিনেত্ৰী ছোফিয়া লৰেনৰ জন্ম হৈছিল ।
➡️গহপুৰ থানাত পতাকা উত্তোলনৰ বাবে যাওঁতে পুলিচৰ গুলীত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ মৃত্যু হৈছিল ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত।
➡️১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত কন্ঠশিল্পী, সুৰকাৰ জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল।
➡️১৯৪২ চনৰ আজিৰ দিনটোতেই ‘৪২ৰ আন্দোলনত পুলিচৰ গুলীত ভোগেশ্বৰী ফুকননীৰ মৃত্যু হৈছিল ।
➡️২০০২ চনৰ ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শিশু সাহিত্যিক শৰৎ চন্দ্ৰ দত্তৰ মৃত্যু হৈছিল।
➡️আলফা-চৰকাৰৰ মাজত বহু প্ৰতীক্ষিত আলোচনা প্ৰসংগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গুৱাহাটীত দুদিনীয়া জাতীয় অভিৱৰ্তন হৈছিল ২০০৪ চনৰ ২০ ছেপ্টেম্বৰত।
➡️২০০৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ সমাজ সংস্কাৰক স্বামী অগ্নিবেশ আৰু বিশিষ্ট প্ৰগতিশীল বুদ্ধিজীৱী আছগৰ আলী ইঞ্জিনিয়াৰলৈ ‘ৰাইট লাইভলীহুড’ বঁটা প্ৰদান কৰা হৈছিল ।
➡️সাহিত্যিক নিৰুপমা বৰগোহাঞি আৰু সাংবাদিক সতীশ চন্দ্ৰ কাকতিলৈ ২০০৪-০৫ বৰ্ষৰ ছহিদ কনকলতা আৰু মুকুন্দ কাকতি বঁটা ঘোষণা কৰা হৈছিল ২০০৪ চনৰ ২০ ছেপ্টেম্বৰত।
➡️১৮৫৭ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহীসকলৰ হাতৰ পৰা ব্ৰিটিছ সৈন্যই দিল্লী পুনৰ দখল কৰিছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতেই দীপালী বৰঠাকুৰ আৰু হেম ভৰালীক শ্বহীদ মুকুন্দ কাকতি বঁটা প্ৰদান কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.