সীমান্ত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা!

নেচনেল ডেস্ক:

সীমান্ত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা। ড্ৰোণেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ প্ৰচেষ্টাক বিফল কৰে বি এছ এফে। সোমবাৰে পুৱতি নিশা প্ৰায় ২:৪৫ বজাত আন্তঃৰাষ্ট্ৰীয় ভাৰত-পাকিস্তান সীমান্তৰ নিকটৱৰ্তী পঞ্জাৱৰ অমৃতসৰত সংঘটিত হয় এই ঘটনা। পঞ্জাৱ সীমান্তৰ বি এছ এফৰ সেনাই নাৰ্কো-টেৰ’ৰ চালানসহ এখন পাকিস্তানী ড্ৰোণ প্ৰত্যক্ষ কৰে। বি এছ এফৰ সেনাই ড্ৰোণখনক লক্ষ কৰি আঠ জাঁই গুলীচালনা কৰে, যাৰ ফলত ই পাকিস্তানী ভূখণ্ডলৈ উভতি যায়। কিন্তু পাকিস্তানী ভূখণ্ডলৈ উভতি যোৱাৰ সময়তে ড্ৰোণখনৰ পৰা ভাৰতৰ ভূখণ্ডত নিচাযুক্ত সামগ্ৰীৰ চালান পেলাই থৈ যায় । ইফালে বি এছ এফৰ সৈন্যই অঞ্চলটোত তালাচী অভিযান চলায় তিনি পেকেট হেৰ’ইন, এটা পিষ্টল, এটা মেগজিন আৰু কেইবা জাঁই গুলী উদ্ধাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.