কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ জোৱান

 

নিউজ ডেস্ক:

পুনৰ ভাৰতীয় সেনাৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। আজি কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হ’ল পাঁচজন ভাৰতীয় সেনা জোৱান। শুকুৰবাৰে ৰাজৌৰী ছেক্টৰৰ অন্তৰ্গত কান্দি বনাঞ্চলত হোৱা সংঘৰ্ষত ৫ জন ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ লগতে ১জন সেনা জোৱান গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি আহিছে।আনহাতে সংঘৰ্ষত আহত হৈ ৪জন স্থানীয় লোক চিকিৎসালয়ত ভৰ্ত্তি হ’ব লগা হয়।

সেনাৰ সূত্ৰ অনুসৰি শুকুৰবাৰে ৰাজৌৰী খণ্ডৰ অন্তৰ্গত কান্দি বনাঞ্চলত অভিযান চলাই থকা অৱস্থাত সেনাৰ ওপৰত সন্ত্ৰাসবাদীয়ে বোমা নিক্ষেপ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.