ভূমি বিবাদক কেন্দ্ৰ কৰি মধ্য প্ৰদেশৰ মোৰেনাত চাঞ্চল্যকৰ ঘটনা!

 গুলীচালনাত মৃত্যু ৬ জনৰ, ৩ জন সংকটজনক অৱস্থাত!

নেচনেল ডেস্ক:

 

ধ্য প্ৰদেশৰ মোৰেনাত ভূমি বিবাদক লৈ উত্তপ্ত পৰিস্থিতি।
দীৰ্ঘদিন ধৰি দুটা ফৈদৰ মাজত চলি অহা ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা৷
এই ঘটনাটো মধ্য প্ৰদেশৰ মোৰেনাৰ চিহোনিয়া আৰক্ষী থানা এলেকাত সংঘটিত হয়৷
শুকুৰবাৰে গাঁওখনৰ দুটা পক্ষৰ মাজত ভূমিক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটে।ধীৰ সিং আৰু তেওঁৰ পৰিয়ালে গজেন্দ্ৰ সিঙৰ ঘৰত অস্ত্ৰৰে আক্ৰমণ কৰাৰ মাজতে এজনে গুলীচালনা কৰি কেইবাজনো লোকক হত্যা কৰে।
এই ভূমি কেন্দ্ৰিক সংঘৰ্ষত ৬ জনকৈ লোক থিতাতে নিহত হয়। আন ৩ জন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ললৈ প্ৰেৰণ কৰা হয়৷ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷

You might also like
Leave A Reply

Your email address will not be published.