আজি ৬ মে’

▶️১৫২৯ চনৰ আজিৰ দিনটোতেই গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত। এই ঘটনাৰ পাছত সিন্ধুৰ পৰা বিহাৰ আৰু হিমালয়ৰ পৰা গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হৈছিল বাবৰ।
▶️১৫৮৯ চনৰ এই দিনটোতেই ভাৰতীয় গায়ক, সংগীতজ্ঞ তানসেনৰ মৃত্যু হৈছিল।
▶️১৮১১ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ প্ৰসূতিবিদ, ক্লোৰোফৰ্মৰ আৱিষ্কাৰক জেমছ ইয়ং ছিম্পছনৰ জন্ম হৈছিল।
▶️১৮৪০ চনৰ আজিৰ দিনটোতেই ব্ৰিটেইনত বিশ্বৰ প্ৰথমটো ডাকটিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হৈছিল।’পেনি ব্লেক’ নামৰ এই ডাকটিকটটো ১৮৪০ চনৰ ১০ জানুৱাৰীত প্ৰৱৰ্তন কৰা হৈছিল।
▶️১৮৫৩ চনৰ আজিৰ দিনটোতেই মাৰ্কিন সংবাদপত্ৰ ‘নিউয়ৰ্ক হেৰাল্ড’ৰ প্ৰকাশ।
▶️১৮৫৬ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়েডৰ জন্ম হৈছিল।
▶️১৮৬১ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী তথা পণ্ডিত জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ জন্ম হৈছিল।
▶️১৮৬২ চনৰ আজিৰ দিনটোতেই মাৰ্কিন লেখক আৰু প্ৰকৃতিবিদ হেনৰী ডেভিদ থৰোৰ ৪৪ বছৰ বয়সত মৃত্যু হৈছিল।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ নোবেল জয়ী কবি,ঔপন্যাসিক হেৰী মাৰ্টিনছনৰ জন্ম হৈছিল। তেওঁ ১৯৭৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৪০ চনৰ এই দিনটোতেই ‘গ্ৰেপছ অব ৰেথ’ উপন্যাসৰ বাবে মাৰ্কিন ঔপন্যাসিক জন ষ্টেইনবেকলৈ পুলিৎজাৰ বঁটা।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈছিল যোছেফ ষ্টেলিন।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই বেলজিয়ামৰ নোবেল জয়ী ফৰাচী ভাষাৰ নাট্যকাৰ, কবি মৰিচ মেটাৰলিংকৰ মৃত্যু ঘটিছিল। ‘দা ব্লু বাৰ্ড’ তেওঁৰ আটাইতকৈ প্ৰসিদ্ধ ৰচনা।এইখন ‘নীলা চৰাই’ নামেৰে অসমীয়ালৈও অনুদিত হৈছে।১৯১১ চনত মেটাৰলিংকে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫২ চনৰ আজিৰ দিনটোতেই শিক্ষাবিদ, আধুনিক শিক্ষাত মন্টেছৰী ব্যৱস্থাৰ প্ৰচলন কৰোঁতা মাৰিয়া মন্টেছৰীৰ ৮১ বছৰ বয়সত নেডাৰলেণ্ডছত মৃত্যু ঘটিছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ জন্ম হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই আমেৰিকাৰ ৰাজনৈতিক নেতাসকলৰ জীৱনীমূলক গ্ৰন্থ ‘প্ৰফাইলছ ইন কাৰেজ’ৰ বাবে তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি জন এফ কেনেডীলৈ পুলিৎজাৰ বঁটা।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল জাকিৰ হুছেইন।
▶️১৯৬৭ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত প্ৰথমটো গণতান্ত্ৰিক নিৰ্বাচনত নেলছন মেণ্ডেলা আৰু তেওঁৰ আফ্ৰিকান নেচনেল কংগ্ৰেছ দলৰ বৃহৎ জয়।
▶️২০০২ চনৰ এই দিনটোতেই ১৯ মাহ গৃহবন্দী হৈ থকাৰ পাছত ম্যানমাৰৰ গণতন্ত্ৰপন্থী নেত্ৰী আং ছান ছ্যু কীৰ মুক্তি।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল জেক চিৰাক।
▶️২০০২ চনৰ আজিৰ দিনটোতেই ভূপেন্দ্ৰ সিং কৃপালৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ। কৃপালে ২০০২ চনৰ ১৭ ডিচেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা IMDT আইন বাতিলৰ বিল সদনৰ নিৰ্বাচিত কমিটিলৈ হস্তান্তৰ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই টনী ব্লেয়াৰৰ তৃতীয়বাৰৰ বাবে ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী পদত শপতগ্ৰহণ।।

You might also like
Leave A Reply

Your email address will not be published.