কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন

আন্তজাৰ্তিক মাতৃভাষা দিৱস উপলক্ষে গুৱাহাটীৰ ছয়মাইলস্হিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ২১/০২/২০২৪ তাৰিখে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় “অসমীয়া ব্যঙ্গ সাহিত্যৰ ভাষা চেতনা” শীৰ্ষক এটি বক্তৃতা ৷ আদৰণি ভাষণত অধ্যক্ষা ড° শিখামণি কোঁৱৰে আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে ৷ বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক অসমীয়া ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে “অসমীয়া ব্যঙ্গ সাহিত্যৰ ভাষা চেতনা ” শীৰ্ষক বিষয়ত বিস্তৃতভাৱে অসমীয়া ব্যঙ্গ সাহিত্যৰ বিষয়ে আলোকপাত কৰে ৷ ড° চক্ৰৱৰ্তীদেৱে মাতৃ ভাষাৰ গুৰুত্বৰ বিষয়ে কৈ অসমীয়া সাহিত্যৰ হকে যুঁজ দি যোৱা সাহিত্য ৰথী লক্ষ্মী নাথ বেজবৰুৱাৰদেৱৰ হাস্য-ব্যঙ্গ ৰচনা সম্পৰ্কে বহল বাখ্যা দাঙি ধৰে ৷ আজিৰ এই অনুষ্ঠানত অধ্যাপিকা ড° কাশ্মীৰী গগৈ বৰুৱা , ছাত্ৰী পিংকী ঠেঙাল আৰু প্ৰকৃতি প্ৰিয়াই স্বৰচিত কবিতা পাঠ কৰাৰ লগতে ছাত্ৰ বিজু বড়োৱে এটি আধুনিক নৃত্য প্ৰদৰ্শন কৰে ৷ উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকাই বক্তা ড° মুকুল চক্ৰৱৰ্তী দেৱৰ পৰিচয় আগবঢ়ায় ৷ অনুষ্ঠানটিৰ আঁত ধৰে সহকাৰী অধ্যাপক ড° বিজু ৰাজখোৱাই ৷ শলাগৰ শৰাই জ্ঞাপন কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্ৰী দিগন্ত শৰ্মাই ৷ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্হিত থাকে।।

You might also like
Leave A Reply

Your email address will not be published.