তেজপুৰত নৃশংস হত্যাকাণ্ড!

 

নিউজ ডেস্ক :
তেজপুৰত নৃশংস হত্যাকাণ্ড। বনকৰা লোকে ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিলে গৃহস্থক।তেজপুৰৰ বাম বেছেৰীয়াত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড ।
জানিব পৰা মতে বনকৰা হিচাপে থকা ধীৰেন তাঁতী আৰু গৃহস্থ উপেন নাথৰ কোনো কথাক লৈ কাজিয়া হয়।কাজিয়াৰ সময়তে ধীৰেন তাঁতীয়ে এখন ক্ৰীকেট খেলা বেটেৰে কোৱাই কোৱাই হত্যা কৰিলে লোকজনক। ৪ বছৰ ধৰি উপেন নাথৰ ঘৰতে ধীৰেণ তাঁতী আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ পিছতে উপেন নাথক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিত্‍সাধীন অৱস্থাতে উপেন নাথৰ মৃত্যু হয়।

আৰক্ষীয়ে হত্যাকাৰী ধিৰেন তাতীক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

You might also like
Leave A Reply

Your email address will not be published.