নেতাৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যু!

 

নেচনেল ডেস্ক :

শ্চিমবংগৰ বিজেপি নেতা সুভেন্দু অধিকাৰীৰ কনভয়ৰ খুন্দাত এজন যুৱকৰ মৃত্যু। মেদিনীপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় মেদিনীপুৰত। জানিব পৰা মতে নিশা প্ৰায় ১০ মান বজাত নেতাগৰাকীৰ কনভয় ৰাষ্ট্ৰীয় ঘাইপথ-১১৬বিৰ পেট্ৰ’ল পাম্প পাৰ হৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত শ্বেখ ইছৰাফিল নামৰ যুৱকজন নিহত হয় । মৃত যুৱকজন চন্দিতালাৰ ভৈৰৱপুৰৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোৰ স্থানীয় লোকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধ কৰি বিজেপি সাংসদজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অঞ্চলটোৰ ৰাইজৰ । প্ৰতিবাদকাৰীৰ মতে অভিযুক্ত গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত পথ অৱৰোধ প্ৰত্যাহাৰ কৰা নহয়।প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ চলাচল ব্যাহত হৈ পৰে।ফলত যাত্ৰীসকলৰ লগতে বহুসংখ্যক মালবাহী ট্ৰাক দীৰ্ঘ সময়ধৰি আৱদ্ধ হৈ পৰে।।

You might also like
Leave A Reply

Your email address will not be published.