গুৱাহাটীত ৬০ লাখ টকা মূল্যৰ সোণ জব্দ!

৯৯৬ গ্ৰাম ওজনৰ তিনিখন সোণৰ বিস্কুট

নিউজ ডেস্ক

গুৱাহাটীত জব্দ কৰা হৈছে তিনিখনকৈ সোণৰ বিস্কুট। ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ৯৯৬ গ্ৰাম ওজনৰ তিনিখন সোণৰ বিস্কুট। ৰাজধানী এক্সপ্ৰেছযোগে দিল্লীলৈ সোণ খিনি সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে সোণখিনি । জব্দ হোৱা সোণ খিনিৰ মূল্য প্ৰায় ৬০ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে ৰেৱতী ৰমন ছোনী নামৰ এজন লোকে এই সোণখিনি সৰবৰাহ কৰিছিল।সম্প্ৰতি ৰে’ল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত ৰোৱতী ৰমন ছোনীক।।

You might also like
Leave A Reply

Your email address will not be published.