পুনৰ ৰাক্তাক্ত হ’ল ছাৰ্বিয়া।

ইণ্টাৰনেচনেল ডেস্ক:

পুনৰ ৰাক্তাক্ত হ’ল ছাৰ্বিয়া। বৃহস্পতিবাৰে দেশখনৰ ৰাজধানী বেলগ্ৰেডৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দক্ষিণে ম্লাডেনোভাক চহৰৰ সমীপত সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। জানিব পৰা মতে, চলন্ত বাহনৰ পৰা এটা আক্ৰমণকাৰীয়ে স্বয়ংক্ৰিয় অস্ত্ৰৰে গুলীয়াই হত্যা কৰে কমেও ৮ গৰাকী লোকক। আনহাতে গুলীচালনাত গুৰুতৰভাৱে আহত হয় ১০ গৰাকীকৈ লোক। গুলীচালনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী দুৰ্বৃত্ত। আক্ৰমণকাৰীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ইয়াৰ পূৰ্বে বুধবাৰে বেলগ্ৰেডৰ স্কুল এখনত এজন কিশোৰ ছাত্ৰৰ গুলীচালনাত
নিহত হৈছিল ৮ জন সহপাঠীসহ এজন স্কুল গাৰ্ড।।

You might also like
Leave A Reply

Your email address will not be published.