চম্পাই ছোৰেন ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী

আজি ৰাজভৱনত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শপত পাঠ কৰায় চম্পাই ছোৰেনক

নেচনেল ডেস্ক:

ম্পাই ছোৰেন ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। আজি ৰাজভৱনত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শপত পাঠ কৰায় চম্পাই ছোৰেনক। বুধবাৰে সন্ধিয়া ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল ছয়বাৰৰ বিধায়ক তথা পৰিবহণ মন্ত্ৰী চম্পাই ছোৰেন।

​উল্লেখ্য যে, ভূমি কেলেংকাৰীত ধন সৰবৰাহৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক। হেমন্ত ছোৰেনৰ গ্ৰেপ্তাৰৰ দুদিন পিছত শুকুৰবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে চম্পাই ছোৰেনে । অহা ১০ দিনত অনুষ্ঠিত হ’বলগীয়া ফ্ল’ৰ টেষ্টত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব নৱ নিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে।

৬৭ বছৰীয়া ছোৰেনৰ সমৰ্থনত আছে শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চা-কংগ্ৰেছ-ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটৰ ৪৩ জন বিধায়ক। কংগ্ৰেছ আৰু আৰজেডিৰ পৰা এজনকৈ বিধায়কে শপত গ্ৰহণ কৰিছিল। ইয়াৰ লগে লগে চম্পাই ছোৰেনৰ শপত গ্ৰহণে এতিয়াৰ বাবে ঝাৰখণ্ডক আগুৰি ধৰা ৰাজনৈতিক সংকটৰ অন্ত পেলায়।।

You might also like
Leave A Reply

Your email address will not be published.