চীনত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ

ইউনান প্ৰদেশত ভয়ংকৰ ভূমিস্খলন

ইণ্টাৰনেচনেল ডেস্ক:

চীনত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ।সোমবাৰে পুৱা দক্ষিণ-পশ্চিম চীনৰ পাহাৰীয়া ইউনান প্ৰদেশত ভয়ংকৰ ভূমিস্খলন। পুৱা প্ৰায় ৬ বজাত জেনছয়ং কাউন্টিৰ টাংফাং চহৰৰ অন্তৰ্গত লিয়াংছুই গাঁৱত সংঘটিত হয় এই ঘটনাটো। ভূমিস্খলনত জীৱন্তে সমাধিস্থ হয় কমেও ৪৭ জন লোক। খবৰ মতে, ৫০০ জন লোকক স্থানান্তৰিত কৰা হয় নিৰাপদ স্থানলৈ। প্ৰাকৃতিক দুৰ্যোগৰ পিছৰ পৰিণতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ৰিয়ভাৱে উদ্ধাৰ অভিযানত নামি পৰিছে উদ্ধাৰকাৰী দল। ।

You might also like
Leave A Reply

Your email address will not be published.