ছোমালিয়াৰ উপকূলৰ সমীপত অপহৰণ মালবাহী জাহাজ ‘এম ভি লিলা নৰ্ফ’ক’!

বৃহস্পতিবাৰে সন্ধিয়া এই অপহৰণ সন্দৰ্ভত লাভ কৰে এই সতৰ্কবাণী

ইণ্টাৰনেচনেল ডেস্ক:

ছোমালিয়াৰ উপকূলৰ সমীপত অপহৰণ মালবাহী জাহাজ ‘এম ভি লিলা নৰ্ফ’ক’। বৃহস্পতিবাৰে সন্ধিয়া এই অপহৰণ সন্দৰ্ভত লাভ কৰে এই সতৰ্কবাণী। খবৰ মতে, লাইবেৰিয়াৰ পতাকা থকা জাহাজখনত আছে ১৫জনকৈ ভাৰতীয় ক্ৰু মেম্বাৰ । অবশ্যে অপহৃত জাহাজখনৰ ওপৰত ভাৰতীয় নৌসেনাৰ বিমানে তীক্ষ্ণ চকু ৰাখিছে। মেৰিন ট্ৰেফিকৰ তথ্য অনুসৰি ব্ৰাজিলৰ পৰ্টো ডু আকুৰ পৰা বাহৰেইনৰ খলিফা বিন ছলমান বন্দৰলৈ গৈ থকা জাহাজখন ১১ জানুৱাৰীত ডক হোৱাৰ সম্ভাৱনা আছিল। ইফালে ভেচেল ফাইণ্ডাৰৰ মতে, জাহাজখনৰ পৰা শেষবাৰৰ বাবে নিয়মীয়া যোগাযোগ ৩০ ডিচেম্বৰত পোৱা গৈছিল।

শেহতীয়াকৈ খবৰ অনুসৰি, ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ চেন্নাইয়ে পৰিস্থিতি মোকাবিলা কৰিবলৈ অপহৃত জাহাজখনৰ দিশে আগবাঢ়িছে। উল্লেখ্য যে, মালবাহী জাহাজ অপহৰণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে যোৱা কেইদিনমানৰ পৰা অঞ্চলটোত—বিশেষকৈ এডেন উপসাগৰ আৰু উত্তৰ আৰব সাগৰৰ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.