জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা।

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদসহ দুটাকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ নিৰাপত্তা বাহিনীৰ। জম্মু-কাশ্মীৰ আৰক্ষী, সেনা আৰু চি আৰ পি এফ (কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী)ৰ যৌথ অভিযানত জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাত গ্ৰেপ্তাৰ কৰে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দুই সহযোগীক।

নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আটকাধীন সন্ত্ৰাসবাদী দুটাক শ্বোপিয়ানৰ চোটিপোৰাৰ শ্বাহিদ আহমদ ল’ন আৰু বৰিহালানৰ ৱাছিম আহমদ গনী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ১ টা পিষ্টল, ১ টা মেগজিন, ৪ ৰাউণ্ড পিষ্টলৰ গুলী, ১ টা চাইলেন্সাৰ, ১ টা আই ই ডি, ১ টা ৰিম’ট কণ্ট্ৰ’ল, ২ টা বেটাৰী, ১ টা AK
47 ৰাইফলৰ খালী মেগজিনকে ধৰি অস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । কেন্দ্ৰীয় সংস্থাৰ লগতে নিৰাপত্তা বাহিনীয়ে ধৃত দুই সন্ত্ৰাসবাদীক জেৰা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.