ইৰানৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্‍সৱত অসমৰ চুটি ছবি ‘The Muse’!

নিউজ ডেস্কঃ

সমৰ চলচ্চিত্ৰ জগতৰ বাবে সু-খবৰ৷ ইৰানৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্‍সৱৰ বাবে নিৰ্বাচিত হ’ল অসমৰ এখন চুটি ছবি ‘The Muse’। নগাঁৱৰ চামগুৰি প্ৰতিভাৱান যুৱক অংশুমান শ‍ইকীয়াৰ দ্বাৰা পৰিচালিত ‘The Muse’ শীর্ষক চুটি ছবিখন ইৰানৰ “Norge International Independent Film Festival” ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

ছবিখনৰ পৰিচালক অংশুমান শ‍ইকীয়াই কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ লগতে নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত কাম কৰি আহিছে। গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ হোৱা ‘The Muse’ শীর্ষক ছবিখন অহা ৩১ মে’ত অনলাইন যোগে প্রদর্শিত হ’ব।
উল্লেখ্য যে উক্ত মহোৎসৱৰ বাবে চুটি ছবি শাখাৰ বাছনিত ভাৰতৰ পৰা একমাত্ৰ পৰিচালক হিচাপে নিৰ্বাচিত হৈছে অংশুমান শ‍ইকীয়া।

You might also like
Leave A Reply

Your email address will not be published.