জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ!

ৰাজৌৰীত গুলিয়াগুলীত নিহত দুটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰৰ ৰাজৌৰীত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ। ৰাজৌৰী জিলাৰ নৰলা গাঁৱত সংঘটিত হোৱা গুলিয়াগুলীত নিহত দুটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ইয়াৰ বিপৰীতে গুলিয়াগুলীত নিহত এজন জোৱান। মঙলবাৰে সন্ধিয়াৰ পৰা চলি থকা এই অভিযানত এজন সেনা জোৱান নিহত হোৱাৰ লগতে আহত হয় আন তিনিজন জোৱান । আহত সকলৰ দুজন ভাৰতীয় সেনাৰ জোৱান আৰু আনজন জম্মু-কাশ্মীৰ আৰক্ষীৰ বিষয়া। ইফালে গুলিচালনাৰ সময়তে নিহত হয় সেনাৰ ডগ ইউনিটৰ কেণ্ট নামৰ এটা ছবছৰীয়া লেব্ৰাডৰ।।

You might also like
Leave A Reply

Your email address will not be published.