ড্ৰাগছ আসক্তৰ পৰিয়ালক সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি

নগাঁও প্ৰেছ ক্লাৱত ড্ৰাগছ আসক্তৰ পৰিয়ালক সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি। ড্ৰাগছ নিয়ন্ত্ৰনত আৰক্ষীৰ লগতে চৰকাৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাঁৱৰ এটা স্বেচ্ছাসেৱী সংগঠন। এবিআৰচি ফাউণ্ডেচন নামৰ নগাঁৱৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আজি নগাঁও প্ৰেছক্লাৱত এক সভাৰ আয়োজন কৰি দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰে। এতিয়াৰে পৰা ড্ৰাগছ আসক্ত লোকসকলৰ পৰিয়ালে ৯৯৫৭৭১৬৭৬৬ আৰু ৯৯৫৭৭১৬৮৭৭ নম্বৰত যোগাযোগ কৰিলে স্বেচ্ছাসেৱী সংস্থাটোৱে সহায়ৰ হাত আগবঢ়াব। সংস্থাটোৰ পৰিচালন সঞ্চালক অংকুৰ কলিতাই সংবাদ মাধ্যমক জনোৱা অনুসৰি ড্ৰাগছ আসক্ত লোকসকলক পুনৰ ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাবৰ বাবে সংস্থাটোৱে সকলো সুবিধা প্ৰদান কৰিব। উল্লেখযোগ্য যে, এই হেল্পলাইন নম্বৰ মুকলি অনুস্থানত নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙ, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰয়ৰ লগতে নগাঁৱৰ কেইবাখনো আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু সমাজকল্যাণ বিভাগৰ বিষয়া, বিশিষ্ট সাংবাদিক আৰু সমাজকৰ্মীয়ে সভাখনত অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° জয়কুমাৰ সিংহ, নগাঁৱৰ গোপীনাথ দেৱী গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়া, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথ, ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা, সমাজ কল্যাণ বিভাগৰ বিষয়া কুইন বৰা, বিশিষ্ট সমাজকৰ্মী ব্ৰজেন কাকতি আৰু নগাঁৱত জ্যেষ্ঠ সাংবাদিক তপন কুমাৰ বৰা।।

You might also like
Leave A Reply

Your email address will not be published.