তেলেংগানাত সংঘটিত এক মৰ্মান্তিক ঘটনা!

বাটৰ কুকুৰৰ আক্ৰমণত মৃত্যু এটি পাঁচ বছৰীয়া শিশুৰ!

নেচনেল ডেস্ক :
তেলেংগানাৰ নিজামাবাদত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । বাটৰ কুকুৰৰ আক্ৰমণত মৃত্যু এটি পাঁচ বছৰীয়া শিশুৰ। CCTV ৰ কেমেৰাত বন্দীহোৱা শিহঁৰণকাৰী দৃশ্যটোৱে বুকু কপাই তুলিছে সকলোৰে। ৫ বছৰীয়া শিশু প্ৰদীপে এটা আবাসীক এলেকাত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ কাম কৰা দেউতাকৰ কাষলৈ আহোতেই সংঘটিত হয় এই শোকাবহ ঘটনাটো । ভিডিঅ’টোত দেখা অনুসৰি শিশুটি দেউতাকৰ ওচৰলৈ অকলে আহি আছিল । বাটতে তাক ৩ টা কুকুৰে আগভেটি ধৰিলে । ভয়ত সি পলাবলৈ ধৰোতেই কুকুৰ কেইটাই তাৰ ওপৰত জপিয়াই মাটিত বগৰাই পেলালে । শিশুটিয়ে প্ৰাণৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা কৰিও সফল হব নোৱাৰিলে । কুকুৰকেইটাই তাৰ চোলা-পেন্ট ফালি অৱস কৰি এফালৰ পৰা কামুৰিবলৈ আৰম্ভ কৰিছিল । কুকুৰ কেইটাৰ মাজৰ ডাঙৰ কুকুৰটোৱে তাক কামুৰি পথৰ এটা চুকলৈ লৈ গৈছিল । আৰু সেই অৱস্থাতেই কৰুণ মৃত্যু ঘ

You might also like
Leave A Reply

Your email address will not be published.