হিজবুল মুজাহিদীনৰ দুৰ্ধৰ্ষ কমাণ্ডাৰ বছিৰ মিৰক হত্যা!

পাকিস্তানস্থিত হিজবুল মুজাহিদীনৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী তথা কমাণ্ডাৰ বছিৰ মিৰক হত্যা!

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানস্থিত হিজবুল মুজাহিদীনৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী তথা কমাণ্ডাৰ বছিৰ মিৰক হত্যা। ইছলামাবাদৰ সমীপত অচিনাক্ত আততায়ীয়ে গুলীয়াই হত্যা কৰে বছিৰ মিৰক। পাকিস্তানত ভয়াৱহ আৰ্থিক পৰিস্থিতিৰ মাজতে একাংশ সন্ত্ৰাসবাদী সংগঠনৰ মাজত চলি থকা আভ্যন্তৰিণ বাদ-বিবাদৰ পৰিনতিত হিজবুলৰ সক্ৰিয় সন্ত্ৰাসবাদীটোক হত্যা কৰে বুলি এক বিশেষ সূত্ৰে প্ৰকাশ।

সন্ত্ৰাসবাদী সংগঠনটোৰ উচ্চস্তৰৰ কমাণ্ডাৰ বছিৰ মিৰে যুৱক-যুৱতীসকলক সংগঠিত কৰি তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ যোগান ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বছিৰ মিৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ লীপাৰ পৰা সন্ত্ৰাসবাদী শিবিৰ চলোৱাৰ লগতে ভাৰতত কুটাঘাটমূলক কাৰ্য-কলাপৰ সমন্বয়ক হিচাপে কাম কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.