গেংষ্টাৰ ছিণ্ডিকেটৰ বিৰুদ্ধে নিয়াৰ বৃহৎ অভিযান!

নেচনেল ডেস্ক:

গেংষ্টাৰ ছিণ্ডিকেটৰ বিৰুদ্ধে নিয়াৰ বৃহৎ অভিযান। মঙলবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থা চমুকৈ নিয়াই কেইবাখনো ৰাজ্যৰ ৭০ টাতকৈও অধিক স্থানত গেংষ্টাৰ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰম্ভ কৰে এই অভিযান। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, দিল্লী, চণ্ডীগড়, উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশত আৰম্ভ কৰে এই তালাচী অভিযান। অকল পঞ্জাৱৰ ৩০টাৰো অধিক স্থানত চলে নিয়াৰ এই অভিযান।

 

গেংষ্টাৰ আৰু অপৰাধমূলক ছিণ্ডিকেটৰ বিৰুদ্ধে নিয়াই ৰুজু কৰা গোচৰৰ তদন্তৰ সৈতে জড়িত এই অভিযান। উল্লেখ্য যে, গেংষ্টাৰ নেটৱৰ্কত নিয়াৰ এইটো চতুৰ্থ পৰ্যায়ৰ অভিযান ।।

You might also like
Leave A Reply

Your email address will not be published.