দাউদাউ কৈ জ্বলি উঠিল এটা তেল ডিপো!

অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৭ গৰাকী লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

দাউদাউ কৈ জ্বলি উঠিল এটা তেল ডিপো। নিমিষতে বিধ্বংসী ৰূপ ললে জুইয়ে। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ১৭ গৰাকী লোকৰ। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত কেইবা ডজনো লোক। ঘটনাটো সংঘটিত হৈছে ইণ্ডোনেছিয়াৰ উত্তৰ জাকাৰ্টাৰ টানাহ মেৰাহৰ সমীপৰ এটা চৰকাৰী তেল আৰু গেছ কোম্পানী পাৰ্টামিনাৰ দ্বাৰা পৰিচালিত প্লামপাং ইন্ধন সংৰক্ষণ ষ্টেচনত। আৱাসিক অঞ্চললৈ জুই বিয়পি পৰাৰ পিছত হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। ২৬০ জনীয়া অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ লগতে ৫২খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.