দুই ভাতৃয়ে মিলি নৃশংস ভাৱে হত্যা কৰিলে নিজ ভগ্নীক!

নেচনেল দেস্ক

জালৌৰৰ মোদ্ৰান গাঁৱৰ আৰক্ষী চকীৰ সমীপত শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । ভগ্নীৰ এংগেজমেণ্টক লৈ দুই ভাতৃৰ মনোমালিন্যৰ চৰম পৰিনতি। দুই ভাতৃয়ে মিলি ভনীয়েকক কুঠাৰেৰে আক্ৰমণ কৰাৰ লগতে ডিঙিত ছুৰীৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰে। তদুপৰি বাধা দিবলৈ অহা চুবুৰীয়াকো আক্ৰমণ কৰে দুই ভাতৃয়ে।দুই অভিযুক্তই নিজৰ ১২ বছৰীয়া ভতিজাকৰ ডিঙিতো কুঠাৰেৰে আক্ৰমণ কৰে । আহত কিশোৰ জনক সংকটজনক অৱস্থাত ভীনমলৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰামচিন থানাৰ আৰক্ষীয়ে জনোৱা মতে অপৰাধ সংঘটিত কৰাৰ পিছত এজন অভিযুক্তই কীটনাশক দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টাও কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.