প্ৰচণ্ড বতাহ আৰু সম্ভাৱ্য ঘূৰ্ণীবতাহৰ গ্ৰাসত আমেৰিকা!

প্ৰচণ্ড বতাহত ঘৰ-দুৱাৰ আৰু অট্টালিকাসমূহৰ বৃহৎ ক্ষতিসাধনৰ লগতে মৃত্যু পাঁচজন লোকৰ।

ইণ্টাৰনেচনেল ডেস্ক:

প্ৰচণ্ড বতাহ আৰু সম্ভাৱ্য ঘূৰ্ণীবতাহৰ গ্ৰাসত আমেৰিকা। প্ৰচণ্ড বতাহত ঘৰ-দুৱাৰ আৰু অট্টালিকাসমূহৰ বৃহৎ ক্ষতিসাধনৰ লগতে মৃত্যু পাঁচজন লোকৰ। আলাবামাত ভয়াৱহ বতৰৰ ফলত গছ-গছনি ভাঙি পৰাৰ ফলত মৃত্যু হয় তিনিজন লোকৰ । মিচিচিপিত এছইউভি বাহনত বৃহৎ গছৰ ডাল পৰি মৃত্যু এগৰাকী মহিলাৰ। আনহাতে আৰ্কান্সাছত এজন লোকে গাড়ী চলাই গৈ থকা অৱস্থাত আকস্মিক বানৰ কৱলত পৰি মৃত্যুক সাৱটিব লগা হয়।

শুকুৰবাৰে নিশাৰ পৰা শণিবাৰৰ দিনটোত সমগ্ৰ অঞ্চলটোত তুষাৰপাত আৰু বৰষুণৰ সম্ভাৱনাৰ লগতে শীতকালীন ধুমুহাৰো সতৰ্কবাণী শুনাইছে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। মেছাচুচেটছ আৰু ৰোড আইলেণ্ডত উপকূলীয় বানপানীৰ সম্ভাৱনাৰ লগতে এই ধুমুহাই নিউ হামচায়াৰ আৰু মেইনৰ কিছু অংশত ১৮ ইঞ্চি পৰ্যন্ত বৰফৰ তৰপৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ।।

You might also like
Leave A Reply

Your email address will not be published.