২০ বছৰীয়া যুৱতীৰ কোঠাত বিস্ফোৰকৰ ভাণ্ডাৰ!

শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু কানপুৰ আৰক্ষীয়ে লক্ষ্মীপুৰৱাত চলোৱা এক যৌথ অভিযানত।

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশত বৃহত্‍ পৰিমাণৰ খাৰ বোমা উদ্ধাৰ। শুকুৰবাৰে ক্ৰাইম ব্ৰাঞ্চ আৰু কানপুৰ আৰক্ষীয়ে লক্ষ্মীপুৰৱাত চলোৱা এক যৌথ অভিযানত অঞ্চলটোৰ এটা বাসগৃহৰ পৰা এই বৃহত্‍ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উত্তৰ প্ৰদেশৰ লক্ষ্মীপুৰৱাত টিনা গুপ্তা নামৰ এগৰাকী ২০ বছৰীয়া যুৱতীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় ২৮৮ টা খাৰ বোমা। বিস্ফোৰক সামগ্ৰী মজুত ৰখা যুৱতীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰেও বাসু সোণকাৰ নামৰ এজন যুৱকক ১৬ টা খাৰ বোমাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে আটকাধীন যুৱক জনৰ স্বীকাৰোক্তিৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত লক্ষ্মীপুৰৱাত ধৃত যুৱকজনৰ প্ৰেমিকা টিনা গুপ্তাৰ ঘৰত অভিযান চলাই বিশাল পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অধিবক্তা উমেশ পালৰ হত্যাত খাৰ বোমা ব্যৱহাৰ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.