আজি ‘ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস’!

ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাৰ দিনটো প্ৰতি বছৰে পালন কৰা হয় ‘ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস’ হিচাপে!

নেচনেল ডেস্ক:

জি ‘ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস’।ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাৰ দিনটো প্ৰতি বছৰে পালন কৰা হয় ‘ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস’ হিচাপে। কোনো দুৰ্যোগ বা দুৰ্ঘটনাৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ হকে নাগৰিকসকলক সজাগ কৰাৰ লক্ষৰে পালন কৰা হয় এই দিৱস। এই দিৱসৰ মূল উদ্দেশ্য হৈছে পথ সুৰক্ষা, কৰ্মক্ষেত্ৰৰ সুৰক্ষা, মানৱ স্বাস্থ্যৰ সুৰক্ষাৰ লগতে পৰিৱেশকে ধৰি জীৱনৰ সকলো দিশতে, ঘৰত বা কৰ্মক্ষেত্ৰৰ সুৰক্ষা নিশ্চিতকৰণ।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ তথ্য অনুসৰি ২০২১ চনত ভাৰতত আকস্মিক মৃত্যুৰ সংখ্যা প্ৰায় চাৰি লাখ। ইয়াৰে প্ৰায় ১.২২ লাখ লোক ২৫-৩০ বছৰ বয়সৰ ভিতৰৰ। আকস্মিক মৃত্যুৰ কাৰক সমূহৰ ভিতৰত যান-বাহনৰ দুৰ্ঘটনাই প্ৰধান। প্ৰায় ৪৪ শতাংশ লোকৰ মৃত্যু হৈছে যান-বাহন দুৰ্ঘটনাত।।

You might also like
Leave A Reply

Your email address will not be published.