দিল্লীত শোকাৱহ ঘটনা

কলকাজী মন্দিৰৰ মহন্ত পৰিসৰত মাতা জাগৰণ অনুষ্ঠানত অঘটন

নেচনেল ডেস্ক:

দিল্লীত শোকাৱহ ঘটনা। কলকাজী মন্দিৰৰ মহন্ত পৰিসৰত মাতা জাগৰণ অনুষ্ঠানত অঘটন। মন্দিৰৰ পৰিসৰত অনুষ্ঠিত মাতা জাগৰণত কাঠ আৰু লোহাৰে নিৰ্মিত এখন মঞ্চ ভাঙি পৰাত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ১৭ জন লোক। ২৭-২৮ জানুৱাৰীৰ মাজনিশা সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো। খবৰ মতে, চৰকাৰী অনুমতি অবিহনে অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠান। প্ৰায় ১৫০০-১৬০০ লোকৰ সমাৱেশ ঘটিছিল অনুষ্ঠানটোত।

ঘটনাটোৰ পিছতেই আৰক্ষীৰ দল এটাই তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, আয়োজকসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৩৭, ৩০৪এ, আৰু ১৮৮ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.