দিল্লীৰ সৰোজিনী নগৰত ভয়ংকৰ অগ্নিকাণ্ড!

অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবাখনো দোকান

নেচনেল ডেস্ক:

ঙলবাৰে পুৱতি নিশা দক্ষিণ দিল্লীৰ সৰোজিনী নগৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবাখনো দোকান।

খবৰ অনুসৰি, পুৱতি নিশা প্ৰায় ২.২০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় বাবু মাৰ্কেটৰ কমেও চাৰিখন কাপোৰৰ দোকানৰ লগতে ১৫ টাতকৈও অধিক অস্থায়ী ষ্টল। অবশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই। জুই নিৰ্বাপনৰ বাবে ততাতৈয়াকৈ পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.