আজি ২৫ এপ্ৰিল

▶️১২৮৪ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডৰ জন্ম হৈছিল।
▶️১৭১৯ চনৰ এই দিনটোতেই ইংৰাজ ঔপন্যাসিক ডেনিয়েল ডিফোৰ প্ৰসিদ্ধ গ্ৰন্থ ‘ৰবিনছন ক্ৰুছো’ৰ প্ৰথম প্ৰকাশ।
▶️১৭৪৪ চনৰ আজিৰ দিনটোতেই ছুইডেনৰ জ্যোতিৰ্বিদ, উষ্ণতাৰ চেলচিয়াছ স্কেলৰ উদ্ভাৱক এণ্ডাৰছ চেলচিয়াছৰ মৃত্যু হৈছিল।
▶️১৮২২ চনৰ আজিৰ দিনটোতেই ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্ছেলৰ মৃত্যু হৈছিল। ১৭৮১ চনৰ ১৩ মাৰ্চত হাৰ্ছেলে ইউৰেনাছ গ্ৰহ আৱিষ্কাৰ কৰিছিল।
▶️১৮৭৪ চনৰ আজিৰ দিনটোতেই ইটালীৰ পদাৰ্থবিজ্ঞানী তথা যন্ত্ৰবিদ গুগ্লিয়েলমো মাৰ্কনীৰ জন্ম হৈছিল। অনাতাঁৰ পদ্ধতি আৱিষ্কাৰৰ বাবে তেওঁ ১৯০৯ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ বিজ্ঞানীৰ দ্বাৰা DNA(ডি অক্সিৰাইবোনিউক্লিক এচিড)ৰ আনৱিক গঠনৰ বাখ্যা উত্থাপন। ডি এন এ হ’ল জীৱকোষৰ জিন (উত্তৰাধিকাৰী সূত্ৰে চাৰিত্ৰিক গুণ বহন কৰা উপাদান) গঠনকাৰী ৰাসায়নিক উপাদান।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ চৰকাৰী টেলিভিছন সেৱা ‘দূৰদৰ্শন’ৰ ৰাষ্ট্ৰীয় ৰঙীন কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। এই কাৰ্যসূচীত প্ৰথম সম্প্ৰচাৰ হৈছিল সত্যজিৎ ৰায়ৰ হিন্দী ছবি ‘সদ্গতি’।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ এটা অতি ডাঙৰ আৰু শক্তিশালী টেলিস্কোপ ‘হাবল স্পেচ টেলিস্কোপ’ক মাৰ্কিন মহাকাশ সংস্থা ‘নাছা’ৰ উদ্যোগত মহাকাশত স্থাপন।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত ভাৰতীয় দৌৰবিদ পি টি ঊষাৰ প্ৰাক্তন কাবাদী খেলুৱৈ শ্ৰীনিৱাসনৰ লগত বিৱাহ।।

You might also like
Leave A Reply

Your email address will not be published.