আৰক্ষীৰ এনকাউন্টাৰত নিহত ২ KLOৰ সদস্য!

কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক:

কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত নিহত দুই KLOৰ সদস্য। নিহত দুই সদস্য ক্ৰমে ওদালগুৰিৰ অভিজিৎ ডেকা আৰু বঙাইগাঁৱৰ নিপন ৰায় বুলি জানিব পৰা গৈছে। কোকৰাঝাৰৰ বাওখুংগ্ৰী পাহাৰৰ মাওৰীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা অনুসৰি, উগ্ৰপন্থী সংগঠনটোৰ এটা দল জিলাখনৰ চক্ৰশিলা পাহাৰত আত্মগোপন কৰি থকা বুলি এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অভিযান চলায়। এই অভিযানৰ সময়তে দুয়োটা পক্ষৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈ KLOৰ দুই সদস্যৰ মৃত্যু হয়। সংঘৰ্ষৰ সময়ত ঘটনাস্থলীৰ পৰা ৪ সদস্য পলাই যাবলৈ সক্ষম হোৱাৰ বিপৰীতে আন ৩ KLOৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। ধৃত সদস্যকেইজনৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল জব্দ কৰাৰ লগতে ধ্বংস কৰে KLOৰ এটা কেম্প। বৰ্তমান কোকৰাঝাৰৰ চিভিল হাস্পতালৰ মৰ্গত ৰখা হৈছে KLO সদস্যৰ মৃতদেহ।।

You might also like
Leave A Reply

Your email address will not be published.