শত্ৰুক নাশিবলৈ আহি আছে নাগাস্ত্ৰ-১ !

শক্ৰ পক্ষক ৰোধিবলৈ এইবাৰ ভাৰতীয় সেনাৰ নতুন মাৰানাস্ত্ৰ

নেচনেল ডেস্ক:

শক্ৰ পক্ষক ৰোধিবলৈ এইবাৰ ভাৰতীয় সেনাৰ নতুন মাৰানাস্ত্ৰ। ইক`নমিক এক্সপ্ল’ছিভ লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰ ভাৰতীয় সেনাৰ। থলুৱা প্ৰযুক্তিৰে নিৰ্মান কৰা হৈছে আত্মঘাতী ড্ৰোণ নাগাস্ত্ৰ-১। শক্ৰৰ ঘৰত সোমাই নিমিষতে তচনচ কৰিব পাৰে এই ড্ৰোণে।

উল্লেখ্য যে, ৪৫০খন নাগাস্ত্ৰ-১ ক্ৰয় কৰিব ভাৰতীয় সেনাই। নাগপুৰৰ ছ’লাৰ ইণ্ডাষ্ট্ৰীজে যোগান ধৰিব নাগাস্ত্ৰ-১। এবছৰৰ ভিতৰত ভাৰতীয় সেনাক এই মাৰনাস্ত্ৰ যোগান ধৰিব এই কোম্পানীটোৱে। বিগত বৰ্ষত ভাৰত-চীন সীমান্তৰ লাডাখত সফল পৰীক্ষন সম্পন্ন হোৱা এই আত্মঘাটি ড্ৰোণে ১৫ কিলোমিটাৰ পৰ্যন্ত লক্ষ্য ভেদ কৰিব পাৰে। ৬০ পৰা ৯০ মিনিট পৰ্যন্ত আকাশ মাৰ্গত উৰি ফুৰিব পৰা এই ড্ৰোণে ৪৫০০ মিটাৰৰ উচ্চতালৈকে উৰি টেংক, বাংকাৰ আদিত আঘাত হানিব পাৰে। ড্ৰোণখনে লগত কঢ়িয়াই নিব পাৰে ৪ কিলোগ্ৰাম বিস্ফোৰক।।

You might also like
Leave A Reply

Your email address will not be published.