দুৰ্নীতিৰ বিভিন্ন গোচৰত অভিযুক্ত লালু প্ৰসাদ যাদৱক এইবাৰ “ভূমিৰ বিনিময়ত চাকৰি”ৰ গোচৰত চিবিআইৰ চমন

নেচনেল ডেস্ক : সমস্যাই লগ নেৰা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে এইবাৰ ভূমিৰ বিনিময়ত চাকৰি দিয়া এক গোচৰ সংক্ৰান্তত চমন জাৰি কৰে ।এই গোচৰত অতি শীঘ্ৰেই প্ৰাক্তন কেন্দ্ৰীয় ৰেল মন্ত্ৰী গৰাকী জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে । অভিযোগ অনুসৰি ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত লালু প্ৰসাদ যাদৱে ৰেল মন্ত্ৰী হৈ থকাৰ সময়তে চাকৰী দিয়াৰ নামত সংঘটিত কৰিছিল ব্যাপক দুৰ্নীতিৰ । চাকৰী দিয়াৰ নামত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী সকলৰ পৰা মাটিৰ প্লট লৈছিল প্ৰাক্তন ৰেল মন্ত্ৰী গৰাকীয়ে । এই বিষয়ত চিবিআইয়ে তদন্তৰ অন্তত লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ কন্যা মিছা ভাৰতীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । জানিব পৰা মতে ভূমিবোৰ মিছা ভাৰতী আৰু ৰাবৰী দেৱীৰ নামত গ্ৰহন কৰিছিল । আজি চি বি আই ৰ এটা দলে প্ৰাক্তন ৰেলমন্ত্ৰী গৰাকীৰ বাসগৃহত তেওঁৰ পত্নী ৰাবৰি দেৱী ক ভাৰতীয় ৰেল সেৱাৰ সেৱাৰ কেটাৰিং আৰু পৰ্যটন নিগমৰ এক দুৰ্নীতিৰ গোচৰত সোধ-পোচ অব্যাহত ৰাখে । যোৱা ২৭ ফেব্ৰুৱাৰীত দিল্লীৰ এখন আদালতে লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱীকে ধৰি অন্য ১৪ জন ব্যক্তিলৈ মাটিৰ বিনিময়ত চাকৰী দিয়া গোচৰটিত চমন জাৰী কৰিছিল । স্মৰ্তব্য যে ৰাষ্ট্ৰীয় জনতা দলৰ বৰ্ষীয়ান নেতাজন ইতিপূৰ্বে পশু খাদ্য কেলেংকাৰী গোচৰত কাৰাৰুদ্ধ হৈ আছিল ।

You might also like
Leave A Reply

Your email address will not be published.